ইমানদিন অকলে অকলে
কি ভাবি সময় কটালো মনত নপৰে।
নিবিড়তাৰ আহফালি
চাৰিওফালে চোন মানুহৰ কোলাহল
কুক্ষণৰ আশঙ্কাত ভুগি থকা জনতাই
হঠাতে যেন চক খাই উঠে, বাৰে বাৰে মোৰ দৰে
হঠাৎ যেনেদৰে জকি উঠে সূৰ্য্যটো, ডাৱৰ ফালি ঘনে ঘনে বতাহতে
আজি ব্যক্তি, সমাজ সকলো ব্যস্ত
সামগ্ৰী সৰ্বস্ব নতুন স্বপ্ন
নতুন সৃষ্টিৰ বাবে একোটা সম্বন্ধ
পৰিৱৰ্ত্তনৰ বাবে বিস্ফোৰণ,
আৰু ভাঙ্গোনৰ বিকট শব্দৰ তৰঙ্গ
দেখি শুনি আমিবোৰ সন্ত্ৰস্ত কিন্তু অভ্যস্ত
নিবিড়তাৰ আহ ফালি ইমান দিনে
উৱাদিহ বিচাৰি নাপালে
জনবহুল সমাজৰ নিৰ্বাক নিস্তব্ধতা?
নে দুঃস্ক্তি, দুঃৰ্নীতিৰ লুক-ঢাকৰ খেল।
আমি শুনি থকা
শব্দবোৰ হ'ব নোৱাৰেনে
স্থিতাৱস্থাৰ য'ত ভুলবোৰ ভাঙ্গি চিঙ্গি গুৰি কৰা মেচিনৰ শব্দ
আমাৰ হৈ থকা ভুলবোৰ চুৰ্ণীকৃত কৰি
তাৎক্ষণিক আৱেগ আৰু অনুভূতিৰ প্ৰবণতা বন্ধ কৰি
সুস্থ বাতাবৰণ নতুনকৈ গঢ়াৰ প্ৰবল উৎসাহ।
কোলাহল আওকাণ কৰি নিজৰ মত আৰু আদৰ্শৰে
জ্বলাই শেষ কৰো যত সব বিকৃত আৱৰ্জনা।