Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

প্ৰতিবাদ

প্ৰতিবাদ, প্ৰতিবাদ, সৰ্বত্ৰে প্ৰতিবাদ
মাথো প্ৰতিবাদ।
দিব পৰা জনে নিদিয়াৰ বাবে প্ৰতিবাদ
কৰিব লগা জনে নকৰাৰ বাবে প্ৰতিবাদ
অনিয়ম, দুৰ্নীতিৰ বাবে প্ৰতিবাদ
হ'ব লগা কামবোৰ নোহোৱাৰ বাবে প্ৰতিবাদ
প্ৰতিপক্ষক ধৰাশায়ী কৰাৰ বাবে প্ৰতিবাদ।
প্ৰতিবাদ এটা বহুবচনৰ শব্দ
আজি তাৰ মূল্য অনেক,
ই হ'ল এক কাৰিকৰী কলা
ইয়াক বনাব পাৰি, ঘুটি ঘাটি সামাজিক মিশ্ৰণেৰে
পৰিবেশন কৰিব পাৰি ৰাজপথত।
ৰেল পথত, বাছ আস্থানত,
ব্যৱসায়ৰ সকলো ক্ষেত্ৰত।
সকলো অনুস্থানতে প্ৰতিবাদ
প্ৰতিটো দিনতে ইয়াত ন'হলে ক'ৰবাত বা ক'ৰবাত।
প্ৰতিবাদতে উত্তাল, অস্পষ্ট সাৱধানবাণী
সকলোৰে বাবে সকিয়নি
সময় সীমা, বিপদ ঘণ্টা
শান্তিপূৰ্ণ, সহজাত অৱস্থানৰ কেৰোণ লগাই
শান্তিকামী জনতাক উদ্বুদ্ধ কৰি
হিংসাৰ দাবানল জ্বলাই দিয়ে।
আৰু নিমাখিত, যুযোধান সকলোৰ বাবে আত্মজাহ।
প্ৰতিবাদৰ নামত নৈৰাজ্য
শেষ হৈ যোৱা ক্ষোভ, পুনৰ উজাৰি বিক্ষোভ।
বন্ধ, অৱৰোধ যেন অন্তই নহয়!
ক্ষয়িষুž অসম আজি ৰসাতলে।
কোন ক'ত, কোন আছা, আহা
আহা প্ৰতিবাদ আমিয়ো কৰো,
প্ৰতিবাদৰ ‘চুনামি' বন্ধৰ বাবে
আমিয়ো প্ৰতিবাদী হওঁ।
বন্ধ কৰা তেনে প্ৰতিবাদ, প্ৰতিজনে
প্ৰতিঘৰে শান্তভাৱে
প্ৰতিবাদীৰ দুৰ্নীতিৰ বিৰুদ্ধে
প্ৰতিজনে সৎ আৰু সত্যনিষ্ট ব্যক্তি হৈ
সমাজৰ ঘাই খুটা সাৱতি ধৰি
নীৰৱে, নিঃশেব্দ, সত্যনিষ্ট, সৎ অভ্যাস
গঢ়ি লওঁ নিজৰ ঘৰতে ...। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +