Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

বিভৎস

মই নিজৰ মূৰ খালো বুলি বহুতেই হাঁহিছিল
মই নিজেই ধ্বংস হৈ গ'লো বুলি  কৈছিল
সঁচা কথা, হয়
নিজৰ মূৰ নিজেই খালো
হয়, মই নিজেই নিজক ধ্বংস কৰি গ'লো
কওঁকচোন মহাশয়, আপোনাৰো তেনে হোৱা নাইনে?
 
(২)
ভৱিষ্যতৰ বংশধৰবোৰে তেওঁলোকৰ মূৰ
নিজেই খাবলৈ আহৰি নাপাব
কাৰণ আমিয়েই তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ কৰি
গহবৰলৈ ঠেলি দিলো
কোনে জানে ধ্বংসৰ গৰাহত, কোন কেনি গ'ল?
জীৱনৰ তাড়নাত কোন কিমান দূৰলৈ চিটিকি পৰিল।
 
(৩)
আহ কি সুন্দৰ সপোন যেন - নিজক বিলাই দিয়াৰ দৃশ্য
আমাৰ তেজ আৰু মৰমৰ চুমাবোৰে গঁজালি নোলালে
ৰঙ্গীন পৃথিৱীৰ সপোন সদায় সঁচা নহয়
নিজৰ ডিঙি কাটি তেজবোৰ দিয়াৰ পাছতোচোন
আগচোতালখন ৰঙ্গীন নহ'ল।
আমি তেজ দিলো, তেলো দিলো, কিমাননো ক'ত কি দিলো
ক'ত লাখজনক পোহপাল দিলো আৰুচোন 
নিজেই নিঠৰুৱা হ'লো। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +