Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

পৰম্পৰা

নমস্য ব্যক্তিক সন্মান কৰা
দুৰ্বলজনক সহায়ৰ হাত মেলি দিয়া,
আমাৰ কাষতে পাওচোন তেনে উপভোগ্য পৰম্পৰা।
পৰম্পৰা ভ্ৰাম্যমান, অতীজৰ পৰা আজিলৈ
প্ৰতিপালন নহ'লে পৰম্পৰা হেৰাই যায়
সন্মান অবিহনে পৰম্পৰাৰ মূল্য নোহোৱা হয়
কোনোবা উপৰি পুৰুষে দি যোৱা
বেয়াৰ মাজত থকা ভাল উপদেশ
কিছু নিয়ম নীতি প্ৰতিষ্ঠিত কৰি
পালিলে পালিব পাৰা নাপালিলে নাই
নাপালিলে খেদ থাকি যাব
পৰম্পৰা হেৰাই যাব।
যিদৰে আমি হেৰুৱাই দিলো
শুচিব্ৰতা আইতাৰ সমাজ বান্ধোন।
যিদৰে সকলোৰে বাবে
হেৰাই যাব এদিন
মা-দেউতাৰো সততা-আপোন। 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +