দুৰ্বলীৰ প্ৰতি জনৰোষ প্ৰবল
ধ্বংসমুখী।
জনৰোষত দুৰ্বলীৰ ধ্বংস নিৰ্ঘাট।
প্ৰবল প্ৰতাপী সকলৰ প্ৰতি
জনতাৰ অহৈতুক প্ৰিতী।
গণশক্তি সিহঁতৰ ফালে ধাৱমান।
চতুৰ্দিশে ঘুৰ্ণিয়মান চাকনৈয়া সাজি
তোষামোদী শক্তি নিজেই উফৰি যায়
প্ৰবল প্ৰতাপীসকল উদ্ধুদ্ব হয়
চাতুৰ্য্যৰ কবচ পিন্ধি লয়
গণশক্তিৰ গুণানু কীৰ্ত্তনত পঞ্চমুখ হয়।
দুবেলা দুমুঠি আহাৰ গোটাব নোৱাৰা
বুভূক্ষ জনতাৰ আৰ্ত্তনাদ!
আৰু সিহঁতৰ কঠিন বাস্তৱ লৈয়েই
সমাজ গঢ়াৰ ক'ত চক্ৰান্তত লিপ্ত
মুষ্ঠিমেয় কৌশলী নায়ক।
যুগে যুগে শক্তিৰ উত্তাপ বাঢ়ি যায়
সিহঁত জন্মেজয়, জাতিষ্মৰ
সিহঁতৰ পতন নহয়।
অদৃষ্টৰ দোহাই দিয়া জনতাই
ধৰ্মৰ নামত উচাপ মৰা জনতাই
গত্যন্তৰ বিচাৰি নাপায়।
আৰু নায়কবোৰক পুহি ৰাখে
নিজৰেই খাতি খোৱা শুকান দেহৰ
সঞ্চিত সমস্ত পুষ্টি
নায়ক বোৰলৈ এৰি দিয়ে।