Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

প্ৰতিশ্ৰুতি

(১)
 
সৰু সৰু মাইনাহঁতক প্ৰায়ে দিব লগা হয় প্ৰতিশ্ৰুতি,
সিহঁতক দিব লগা হয় সঘনাই প্ৰতিশ্ৰুতি, যেন অতি দৰকাৰী
সৰু সৰু মাইনাহঁতৰ বিশ্বাস নাই , ডাঙৰৰ প্ৰতি
ডাঙৰবোৰে পাহৰি পেলায়, সঘনাই।
পাৰ্কত ফুৰাবলৈ নিম, নিলানে?
নতুন জোতা এযোৰ দিম, দিলানে?
বন্ধত এইবেলি দূৰলৈ ফুৰিবলৈ লৈ যাম, গ'লানে?
হোটেল ধাবাত খুউৱাৰ প্ৰতিশ্ৰুতি
 
প্ৰমিজ, প্ৰমিজ, প্ৰমিজ কিমান প্ৰমিজ।
এতিয়াও পূৰ হোৱা নাই
সৰু সৰু মাইনাহঁতৰ বিশ্বাস জন্মা নাই
সেয়েহে প্ৰতিবাৰে প্ৰমিজ বিচাৰে
প্ৰতিশ্ৰুতিবোৰ সুমধুৰ।
ঘৰৰ দুৱাৰদলিত ৰৈ থকা, ক্ষন্তেকীয়া।
দুৱাৰ দলিত পৰি থকা
লেউ সেউ প্ৰতিশ্ৰুতিবোৰ, কোমল আলসুৱা।
বিজলুৱা, লিকটিয়া গুৰৰ দৰে, মৌ জোল যেন মিঠা।
মিঠা মিঠা সম্বন্ধৰে কোচ ভৰাই দিব পাৰে
ভালপোৱা, ভাল লগা, আমেজ।
কিছুমান প্ৰতিশ্ৰুতি দুয়োফালে ধাৰ থকা
পুৰালেই বিপদ, নুপুৰালে পয়মাল
জোঙ্গাল, নাক বিন্ধিব পৰা
কাণৰ ফুটা বন্ধ কৰিব পৰা, বৰষিৰ হাকোটা যেন।
 
কিছুমান প্ৰতিশ্ৰুতি নিয়মীয়া, নিমজ হালধীয়া
খবৰৰ কাগজত, মিদিয়াৰ প্ৰচাৰত জিক মিকাই
আটক ধুনীয়া বিজ্ঞাপনৰ ৰাজকন্যা যেন
ৰাজনৈতিকৰ লগত থাকে, বছৰৰ পৰা বছৰলৈ
দ্বি-বাৰ্ষিক, পঞ্চ বাৰ্ষিক, কেতিয়াবা পৌনঃ পৌনিক, যাউতি যুগীয়া।
এনেবোৰ প্ৰতিশ্ৰুতিৰ দৃষ্টি কটু, ' বুঢ়া বাঘৰ সাধু '
ব্যক্তিক পঙ্গু কৰে, মতিভ্ৰম আনে
সমাজক হেয় কৰে
আৰু সকলোৰে বাবে আকাশত চাং পাতে।
 
(২)
 
প্ৰতিশ্ৰুতি ভৱিষ্যতৰ এটি কল্পনা
বৰ্ত্তমানৰ ব্যৰ্থতাৰ আধাৰ
হ'ব পাৰে, সৰু সৰু মনৰ সৰু সৰু জীৱনৰ
অকৰ্মণ্যতাৰ, হীনমন্যতাৰ বা দীনতাৰ ব্যাপ্ত প্ৰকাশ।
তথাপিতো যেন
প্ৰতিশ্ৰুতি অবিহনে আজিৰ সংসাৰ অচল
বণিজ্যিক প্ৰতিশ্ৰুতি, দেশৰ প্ৰতিশ্ৰুতি
আনকি প্ৰতিখন নোটত থকা বেঙ্কৰ প্ৰতিশ্ৰুতি
নহ'লে নচলে আজিৰ সংসাৰ।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +