Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

(পৰিশিষ্ট)

ভাবাচোন এবাৰ
বৰষুণ ন'হলে, হ'ব কি দুৰ্যোগ আমাৰ
গছবোৰ শুকাই যাব
যিবোৰ গছে দিয়ে আমাৰ খাদ্য
আৰু উশাহৰ বাবে অম্লজান!
খাদ্য ভাণ্ডাৰ নাইকীয়া হ'ব,
মাটিবোৰ ধূলি, বালি হ'ব।
নদ-নদী, খাল-বিল, গাওঁবোৰ মৰিশালি হ'ব।
আমাক লাগিবই বৰষুণ!
প্ৰকৃতি প্ৰদত্ত সিঞ্চন
জলধাৰা মেঘৰ গৰ্জন আৰু
জীৱ কুলৰ অপৰিহাৰ্য্য সৃষ্টিৰ শৃঙ্খল।
মুষ্টিমেয় খেয়ালি মানৱ!
গছ কটা বন্ধ কৰা।
গেছ নিৰ্গত হোৱা শীত তাপ যন্ত্ৰবোৰ
আৰু যানবোৰ নিয়ন্ত্ৰণ কৰা।
পৃথিৱীলৈ অহা বৰষুণ জাক
মাটিৰ বুকুৰ কুটুম হ'ক
কৃষকৰ ভৰাল ভৰাই
খাদ্য বিপ্লৱৰ সুচনা হ'ক।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +