Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

বৰষুণ

বৰষুণ বৰষুণ
জীৰ জীৰ কৈ মুকুটা সৰা বৰষুণ
মন কোমল কৰা বৰষুণ
গৰম দিনৰ শীত পেলোৱা
শীতল কোমল বৰষুণ।
মাটিৰ গোন্ধ উঠলাই দিয়া বৰষুণ
জাউৰীয়ে জাউৰীয়ে
বতাহৰ লগত হালি জালি, দৌৰি চাপৰি
উৰি ফুৰা বৰষুণ
জাপে জাপে গোটমৰা স্মৃতিবোৰ
আকৌ খুলি মেলি মন সজীৱ কৰা বৰষুণ
অনুভৱ কৰো আহা
জাকৰুৱা ৰোৱনীৰ বৃষ্টি নৃত্য
পথাৰভৰা দৰ্শকৰে,
বৰষুণৰ মাজতে হোৱা ফুটবলৰ বৃষ্টি খেল।
 
পথাৰৰ মাজে মাজে আবুৰ কাবুৰ পিঠি দি
গৃহামুখি খোজতে চিটিকি যোৱা
বোকাপানীৰ টোপালবোৰ
‘বাইক'ৰ চালকৰ পিঠিত লিপিত খাই পৰা
একাকী যাত্ৰীৰ মনৰ উলাহ বৃষ্টিৰে সৃষ্ট।
কিমান আমোদ ভৰা দৃশ্যপট!
আমেজ ভৰা প্ৰতিক্ষিত ৰাতিৰ
দীঘলীয়া বৰষুণ যেন
টোপনি জালতে উমান পোৱা এটি পুৱাৰ বৰষুণ!
খেতি দৰাত থিয় দি অপলকে
আকাশলে চাই থকা কৃষকৰ
বহু আশাৰ বৰষুণ!
বৰষুণ কেতিয়াবা খঙ্গাল, জয়াল হয়
কোনোবা উৰুখা পজাত
একোটা পৰিয়ালৰ চকুপানী হয়।
ক'ৰবাত হিলদ'ল, বানপানী
নদীৰ খহনীয়া, মথাউৰি ভাঙ্গি
ভতিয়াই অহা
জল প্ৰলয়ৰ বিভিষিকা হয়!
এই বৰষুণ কেতিয়াবা হ'ব পাৰে
উশৃঙ্খল, উদ্বাউল ধুমুহাৰ স'তে
মেঘনমা ধাৰাষাৰ বৰষুণ,
গুজৰি গামৰি অহা বৰ্ষাৰ জাগুন
হ'ব পাৰে সসাগৰা পৃথিৱীৰ বাবে
জলশ্ৰোতা অমৃতৰ মহান ভাণ্ডাৰ।
 
এই বৰষুণ, পাৰা যদি ধৰি ৰাখা,
ধৰি ৰাখিবৰ হ'ল।
যিমান পাৰা, সংৰক্ষণ কৰি কামত লগোৱা,
সংৰক্ষণ কৰিবৰ হ'ল।
অপৰ্য্যাপ্ত সম্ভাৱনা এই বৰষুণ
মুকুটাৰ দৰে চকুৰ আগতে সৰি আছে
যেন অনবদ্য সুৱৰ্ণ সুযোগ।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +