(১)
ৰৈ ৰৈ ভাগৰি পৰিলেও উপায় নাই
কোনোবা এজন আহিব লগা আছিল, অহা নাই
কিবা কাৰণত তেওঁ এতিয়ালৈ আহিব পৰা নাই
অহাটো নিশ্চিত
বাটলৈ চাই আছো, এই যেন আহি পাব পাৰে।
(২)
ৰৈ ৰৈ ভাগৰি পৰিলেও উপায় নাই।
চিন্তা সকলোৰে বাবে - ডাক্তৰ জন অহা নাই
তেওঁ দিয়া দিন, সময়ত ৰৈ আছো
এটি দেবশিশু অহাৰ কথা,
ডাক্তৰে নিৰ্দ্ধাৰিত দিন দি কৈছিল আজিয়েই
হাস্পিতালৰ বাৰাণ্ডাৰ যাৱতীয় ব্যৱস্থালৈ উৎকণ্ঠালৈ
এতিয়াও অহা নাই
ডাক্তৰ জন আহিলেই অহাটো নিশ্চিত হ'ব।
মোৰ লগত সকলোটি ৰৈ আছে
(৩)
স্থিৰ সময়সূচী, ৰেলখনৰ অটুত সময়
টিকট কিনাৰ পৰা সময়সূচী পৰীক্ষা কৰা হ'ল
ষ্টেচনত সময়ৰ আগতে গৈ ৰৈ ৰৈ গম পালো
কৰবাত ৰেল ৰখা প্ৰতিবাদত অহা নাই
অহাতো নিশ্চিত হাতত টিকট আছে
মোৰ লগত একেলগে সকলো যাত্ৰীয়ে
মাথো উৎকণ্ঠিত হৈ ৰৈ আছে।
(৪)
তেনেদৰে কিমান প্ৰতীক্ষা
জীৱনত প্ৰতীক্ষাৰ অন্ত নাই
‘গছৰ কঠাল পকিব'
দাল ভৰি ফল আৰু ভাল বতৰৰ ধান হ'ব
ল'ৰাটোৱে উপাৰ্জন কৰিব পাৰিব
ভাল উপাৰ্জন হ'ব, ঘৰখন পকী হ'ব
বোৱাৰী আহিব, জয়, জয়, ময়, ময় এদিন হ'ব
নিশ্চয়কৈ এদিন, এই সকলো হ'ব
উপেক্ষা কৰি এতিয়া সকলো সমস্যা
ৰৈ থাকো কিছুদিন আৰু কিছুদিন।
(৫)
আমাৰ জন প্ৰতিনিধিজনে আমাক এদিন চিনি পাব
আমাৰ বাবে তেওঁ কাম কৰিব, দেশৰ উন্নতি হ'ব
ঠাইখন নিকা আৰু সতেজ হ'ব
পানী যোগানৰ ব্যৱস্থা হ'ব।
(৬)
ইয়াৰ জনসংখ্যা বাঢ়িব, বাঢ়ক
ইয়াত গাড়ীবোৰ বাঢ়িব, বাঢ়ক
ডাক্তৰ হাস্পিতাল দুই তিনিগুণ হওঁক
স্কুল, কলেজ, ইউনিভাৰচিটি বাঢ়ি থাকক
আমি সকলোৱে ৰৈ ৰৈ প্ৰতীক্ষা কৰো
এঢাপ এঢাপকৈ ওপৰলৈ উঠাৰ বাবে
এদিন এঢাপ হ'লেও উঠিম
উন্নয়নৰ গতিত জড়তাৰে, আমাৰ সংস্ক্তি বাঢ়িব
ইয়াতো বুদ্ধিমত্তা আৰু প্ৰশংসাৰ
ঘৰে প্ৰতি চিণ্ডিকেত বজাৰ বহিব।
(৭)
এটি জীৱন্ত কাহিনী হৈ যায় গল্প, উপন্যাস
আনৰ তথ্যৰ ভিত্তিত লিখা যায় বিবিধ প্ৰৱন্ধ
কিন্তু কবিতা কেনেকৈ আহি যায়?
ৰন্তাকৰ দসু্য কিদৰে মহাকবি হয়?
গছৰ ডাল এটা কটাত পাৰ্গত নহ'লেও
‘উপমা কালিদাসস্য' কিদৰে সম্ভৱ হয়।
ইমান বেদ বেদাঙ্গ উপনিষদ পুৰাণ
ইমানবোৰ ধৰ্ম পুঠিৰ শ্লোক, পদ্য, পয়াৰ
ইমানবোৰ গীত-গান, তালমান লয়
হেজাৰ বিজাৰ কবিয়ে ৰচি গ'ল, আমাৰ বাবেই
আমাৰ সৌভাগ্য আজি সেইবোৰ পঢ়াৰ।
তেনে ময়ো হ'ম, অনুভৱ, অনুভূতি জুখি মাখি জুকিয়াই
মইয়ো হ'ম এজন কবি এদিন মইয়ো এটা কবিতা লিখিম
ৰৈ আছো গোটেই জীৱন
এটি মাথো কবিতা যদি পাৰো
তাকেই লিখিম।
মোৰ সৌভাগ্যৰ প্ৰতীক্ষাত
ৰৈ আছো, ৰৈ আছো
নিশ্চয়কৈ এদিন এটা কবিতা লিখিম।