Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

সাপ

বগাই ফুৰা সাপ আজিকালি য'তে ত'তে দেখো,
মই উৎকণ্ঠাৰে চাই থাকো, কোনটো বা কেনি যায় আহে
মই চাই থাকো দূৰে দূৰে,
যাতে এটাও সাপ আহিব নোৱাৰে মোৰ ফালে।
মোৰ কাষলৈ অহাৰ সাহস হয়তো এতিয়াও হোৱা নাই
তথাপি সিহঁতক মোৰ সহ্য নহয়।
সিহঁতবোৰ হঠাৎ ওলায়।
দিনৰ পোহৰত, ৰাতিৰ এন্ধাৰত
আৰু আহে মোৰ সপোনতো কিলবিলাই ,
দীঘল দীঘল হৈ , সিহঁত যেনি তেনি আহে ,
ফেট তুলি ন'হলে মুৰ পেলাই
কেৰ মেৰকৈ, এটা এটাকৈ
জীভা লিকলিকাই , মোৰ ফালে চায়
বিষাক্ত সাপবোৰ হেনো জন্মৰ পৰাই বিষধৰ।
সিহঁতৰ দুটা দাঁত বিষপূৰ্ণ, সদায় সাজু
যেন কোনো দুৰ্বত্তৰ দুহাতত অবৈধ পিষ্টল,
যেন দেখুৱাই ফুৰে ফ'না তুলি তুলি
আৰু দেখিলেই
ভয়ত বিতাৰিত মই।
 
এইদৰে, জাকে জাকে বন্য জন্তুবোৰো
আমাৰ ফালে আহি আছে
 
হাতী, বাঘ, বান্দৰ, সাপ
আনকি মকৰাইয়ো মানুহক খেদি ফুৰিছে।
সিহঁত সংৰক্ষিত, আইন সিহঁতৰ ফালে।
সিহঁত যাবইবা ক'ত?
আমাৰ বাবেই সিহঁতৰ আশ্ৰয় হেৰাল
আমাৰ বাবেই সিহঁতৰ খাদ্যবোৰ শেষ হ'ল
আমাৰ বাবেই সিহঁত এতিয়া ওলাই আহিছে
সিহঁতৰ ঠেলাঠেলিত মৰাৰ ভয়তে 
আমিবোৰ পলাবৰ হ'ল।
এতিয়া উপাই বিচাৰি,
পলাবৰ সুযোগ বিচাৰি
সন্তপৰ্নে, তৰা নৰাকৈ
মাটিৰ তলতো কংক্ৰিতৰ
সুৰঙ্গ সদৃশ ঘৰ বান্ধিবৰ হ'ল।
সিহঁতবোৰ আজি আঁতৰি নাযায়
নৰ মনিষলৈ ভয় ভীত নাই।
সিহঁত থকাৰ যোখাৰে
আমি মাটিত ঠাই এৰা নাই
সকলোতে মানুহ আৰু মানুহ
প্ৰসাদ, অট্টালিকা, ৰাজ ঘাই পথ
সকলোতে পিয়াপি মানুহ
সাপবোৰ তেনে থাকিবই বা ক'ত?
গড়, হাতী, বাঘ, বান্দৰ থাকে ক'ত?
আকৌ গছ গছনিৰে ভৰা হাবিবোৰ
কোনেবা পাতিব?
 
কোনে বাৰু পৃথিৱীক নতুনকৈ সজাব?
নহ'লে এদিন,
আমাৰ মানুহবোৰে স্বেচ্ছাই, সুস্থ শৰীৰে
এৰি দিব লাগিব নিজৰ ঘৰ-বাৰী
আৰু আহি থকা সাপৰ যোৰাবোৰ আহিয়ে থাকিব
সন্ত্ৰাসবাদীৰ দল হৈ জাকে জাকে লুকাই লুকাই
আমি থকা ঘৰবোৰৰ তলে ওপৰে সৰ্বত্ৰে
যেনেকৈ আমি আৰু আমাৰ জনসংখ্যাই
আমাকো চানি ধৰিছে , আমাৰে বিপদ চপাইছে
সিহঁতৰ বাবেও একেই বিপদ, অসনি সংকেত
কিবা এটা কৰাৰ দিন আহি পৰিছে।
তাকে নকৰিলে
সকলোৱেই চোন উচন যাব
আৰু তেতিয়ালৈ মাথো, পইটাচোৰা, বেঙবোৰ 
জীয়াই থাকিব লাগিব
উশ কি আতঙ্ক
খাদ্যৰ সন্ধানত আকৌ সেই সাপবোৰ!
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +