Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

বিপ্লৱ

মোক এটা আমোঘ বিপ্লৱ লাগে
স্থিতাৱস্থাৰ সকলো কাঠামো চুচুমৈ কৰি,
ধ্বংস কৰি, ধূলিস্যাত কৰি
সকলো ইতিহাস আৰু তাৰ যুক্তি
সকলো মতবাদৰ তথ্য উজাৰ কৰি,
ৰাজনীতি আৰু ভাষা শিল্পৰ
সকলো নীতি-নিয়ম, আইন আৰু ন্যায়ৰ
সকলো ভাষ্যৰ আৰু সাহিত্যৰ
ব্যাকৰণ আৰু গণিতৰ সূত্ৰৰ পৰা মুক্ত কৰি,
মানুহৰ হেজাৰ বিজাৰ আশাৰ
সুখৰ অলেখ সমীকৰণৰ
ধন আৰু সম্পত্তিৰ আহৰণৰ চাবি কাঠি
কৌশল আৰু চাতুৰ্য্যৰ মূল্য-মান অমান্য কৰি
মোক সেই আমোঘ বিপ্লৱ লাগে।
 
তাৰপাছত, পুনৰ গজি উঠক
সৃষ্টিৰ গুণ গাব পৰা
সেউজীয়া মানুহ, গছৰ পাতৰ দৰে সেউজীয়া
কণ্ঠস্বৰ নিৰ্ভিক, স্বচ্ছ,
যেনেকৈ চৰাইবোৰে গান গায়
যেনেকৈ পশুবোৰে স্বাচ্ছন্দ্যে বিচৰণ কৰে
তেনে এখন মানৱ সমাজ।
 
ভৌগলিক সীমা বৰ্জিত এখন মানৱ সমাজ
পুনৰ যেন নতুনকৈ গঢ় লৈ উঠিব পাৰে সকলো ঠাইতে
এক প্ৰাকৃতিক সৎ ইচ্ছা
প্ৰকৃতিয়ে স্বস্যান্দ কৰিব পাৰে সৃষ্টি,
ধ্বংসৰ পাচত সৃষ্টি আৰু বৃদ্ধি
পুনৰ নিজে হ'ব পাৰে ...।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +