(১)
জীৱন, থাকিবই জানিলেই জীৱন
নহ'লে মাংসৰ টুকুৰা, ভেজিটেবোল
নানা ব্যঞ্জনৰ মাজত সুস্বাদু
সুখ-খাদ্য কাৰোবাৰ বাবে
খাদ্যৰ চক্ৰত জীৱনৰ হাবিয়াস
জীৱনৰ আষ্ফালন
প্ৰেম ভালপোৱা, মৰম-চেনেহৰ ঠুন পাক।
হাই কাজিয়া শৰীৰৰ উষžতা, জন্মৰ উৎসৱ
সকলোটি যেন ঠুন পাক, ভাহি যাব।
সতেজ মাংসৰ টুকুৰা হৈ যাব পাৰে
একোটা তজবজীয়া জীৱন।
(২)
সাপে বেঙ ধৰি খায় জীয়াই জীয়াই
সাপে সাপকো খায় জীয়াই জীয়াই
মাছে মাছকো খায় জীয়াই জীয়াই
পক্ষীয়ে পক্ষীক খায়
বাঘে শিয়ালে জন্তু মাৰি খায়
সেইবোৰ খাবলৈ জীয়াই থাকে,
খাই থাকিব পাৰিলেই জীৱন।
(৩)
জী থাকিব পাৰিলেই জীৱন
সেয়ে নহ'লে সকলো শেষ
কাৰোবাৰ সুখ-খাদ্য, মাছে যেনেকৈ মাছকো খায়
কোটি কোটি জীৱৰ খাদ্য সম্ভাৰ
অনু-পৰমানু হৈ বহুদিনলৈ
নিজক বচাই জী থাকিব জানিলেই জীৱন।
(৪)
আত্মা উৰি যায়, বতাহ হৈ উৰি যায়
নাকৰ দুটা ফুটাই বায়ু নলয়,
বায়ুৰ লগত সম্বন্ধ চিঙ্গিলে
শৰীৰৰ অবক্ষয়, নিস্তেজ মাংসপেশী
চিতাত জ্বলাই দিব পাৰে, মুখাগ্নি চিতাগ্নি
নহ'লে কবৰ খান্দি ৰাখি দিয়া
সংৰক্ষণ কৰা দেহাৱশেষ।
প্ৰাণ আত্মা, একো নাই তাত
হেৰাই যায় জীৱন।
(৫)
জীৱন ইমানেই জটিল
নানাটা সমস্যা, নানাটা বিপদ বিঘিনি
বেমাৰ আজাৰ, চকুৰ পানী
কান্দোনত ভাগি পৰা আকাশ¯
দুচকুৰ তিৰবিৰনি, ওঠৰ হাঁহি
আনন্দ ফুৰ্ত্তি,
নাচোন কাচোন, ভাগৰ টোপনি
প্ৰতিযোগিতা, হৰা-জিকা আৰু
নতুনৰ আশা য'ত, তাতেই জীৱন।
(৬)
লাহে লাহে অস্থিৰ হৈ আহে শৰীৰ মন
কেৱল বিষ,
ভৰিৰ হাতৰ, ৰাজহাড় ককাঁলৰ
একোকে কৰিব নোৱাৰা এটা অৱস্থা
চকুৰে মনিব নোৱাৰা
কথাবোৰ ভাবিব নোৱাৰা
দুহাতত কপনি, চকুত অন্ধতা
নাকটোৰে মাথো কাম কৰে
আৰু সেয়াও জীৱন।
(৭)
জীৱন মানেই হ'ল আজন্ম মৃত্যু লৈ কিছু সময়
কিছু আনন্দ বেজাৰ, উপভোগ কৰিব পৰা
এঠাইৰ পৰা আন ঠাইলৈ গৈ থাকিব পৰা
আৰু কিছুমান মনে সজা
কিছুমান দেখা পোৱা, চুই চাব পৰা
অভিজ্ঞতা আৰু সমস্যাৰ মেৰ পেছ
আৰু সঁচাই এধাৰি ডি এন এ ৰ জখলা।