Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

অদৃষ্ট

অদৃষ্ট যাক দেখা নাযায়
অনুভবো কৰা নাযায় আগতীয়াকৈ
হঠাত ঘটি যায়
অসাধাৰণ অঘটন।
প্ৰকৃতিৰ স্বয়ম্ভূ প্ৰভুত্ব প্ৰকাশ
হ'ব পাৰে কোনো শক্তিৰ নামাকৰণ
ভগৱান বা তেনে কিবা নাম।
 
অদৃষ্ট এটা আবেগিক বিয়োগান্ত
হায় কপাল!
কি যে হৈ গ'ল
ভবা নাই হ'ব বুলি ঘটি গ'ল
লানি নিচিগা দুৰ্যোগ
হেজাৰ সপোন পোৰাৰ গোন্ধ
বিয়পি পৰিল চৌদিশে।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +