Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

অঘটন

(১)
 স্বচ্ছল যাত্ৰাৰে ভৰা
উৰা জাহাজ প্ৰতিদিনে উৰে।
কেতিয়াবা হৈ যায় দুৰ্ঘটনা
খেলিমেলি ভাগ্য, ছেদেলি ভেদেলি আচবাব।
জ্বলি উঠা দেহ , আৰু অঙ্গ প্ৰত্যঙ্গ! হব পাৰে এনে দশা, 
সকলোৱে জানে
কিমান সাৱধানতা, কিমান ব্যৱস্থাপনা
কিমান নিঃছিদ্ৰ ব্যৱস্থাৰ মাজতো
ঘটি যাব পাৰে এনে অঘটন।
 
(২)
সুউচ্চ অট্টালিকাৰে ভৰি উঠা
আটক ধুনীয়া চহৰ
ভূমিকম্পৰ দুটি জোকাৰতে ঠান বান
জখমি মানুহৰ উদ্ধাৰৰ বাবে
উপায় নোহোৱা হয়।
 
(৩)
পাহাৰতো হৈ যায় জলাতঙ্ক
তেনেহলে নদী বান্ধ, পাহাৰ খনন ?
য'তে ত'তে হ'ব পৰা প্ৰচণ্ড দুৰ্যোগ
কাৰবাবে সৃষ্টি হয়, এনে অঘটন ?
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +