ধূলিকণা নহয় আমাৰ জীৱন
সূৰ্য্যটো মৰহি নোযোৱা পৰ্য্যন্ত
‘গছত ফুলিব ফুল, বতাহ বলিব'
তুমি মই থকালৈকে পৃথিৱী থাকিব,
ঈশ্বৰো থাকিব
সূৰ্য্যৰ পোহৰ আৰু পৃথিৱীৰ ছাঁৰ দৰে সত্য
ডিএনএৰে গঢ়া পুষ্টিৰ অস্থি, চৰ্বি সমস্তি
তাতে য'ত পয়মাল, চলি থাকিব।
ভয়ঙ্কৰ দিনৰ কথা ভাবিব নালাগে
সূৰ্য্যটো মৰাৰ কথা
পৃথিৱী শেষ হৈ যোৱাৰ কথা
আগতে বহুৱাৰ হ'ল
এতিয়াও সূৰ্য্য মৰহি যোৱালৈ বহুত পৰ।