Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

মুক্তিক্ষণ

শিল্পীৰ কল্পনাৰ টানত বোল সানিবৰ বাবে
মুক্তি পালে তুলিকা আৰু চবিয়ে...।
মুক্তি পালে গীত আৰু বাদ্যই
মনোমোহা একোটা সুৰৰ বাবে
কাণ মন মগজু সকলোকে জুৰ কৰি।
বিজ্ঞানেও মুক্তি পালে ক'তজনৰ জীৱন আহুতি দি।
কিমান মহানজনৰ লাওখোলা ভাঙ্গি
দৰ্শনেও পালে পথ মুক্তিৰ।
 
হিংসা জিঘাংসাই বহলাই দিলে ৰাজনীতি
কাগজত চাপ মাৰি অৰ্থনীতি আগুৱাই গ'ল।
মানুহৰ জন্ম-মৃত্যুৰ হিচাব বাৰে বাৰে ভুল হয়
কিমান যুগ, কিমান সংখ্যা, নিৰ্দ্ধাৰিত নহয়
মাথো ভুল নহয় মুক্তি পণ যুগে যুগে মানুহৰ
কিছু মুদ্ৰাৰ বিনিময়ত মাত্ৰ জীৱন
মানুহৰ মুক্তিৰ সাথৰ ‘জীৱাৎ জীবোৎপত্তি'।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +