Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

মৰম

মৰম, হ'ব পাৰে এটি মিঠা গোন্ধ !
অতিকৈ চিনাকী
এটি অনুভূতিৰ আমেজ !
যদিহে তোমাৰ অন্তৰত থাকে
তুমি - মই ভাব
আলফুলে বুলাই যোৱা প্ৰতি যুৰি ওঁঠত
স্বত্তঃফুৰ্ত্ত একোটি নিটোল হাঁহি।
দুচকুত তাৰেই ভাষা, হেৰাব নোৱাৰা
প্ৰতিশ্ৰুতিৰ কাচলিত বান্ধি লোৱা
তোমাৰ মোৰ প্ৰতি
মোৰ তোমাৰ প্ৰতি
হ'ব পাৰে, জনমে জনমে নিগৰি অহা
পৰালি নপৰা
অদৃশ্য, অস্পৃশ্য এটি পৰম টান।
 
কেতিয়ানো আচুৰি যায় মন
ডিঙিত খুন্দা মাৰে
বুকুৰ বিষ হয়
দুচকুত উঠলি আহে বান
ৰাউচি কান্দিবৰ মন যায়।
 
যেতিয়া হেৰাই যায়
মৰম তেতিয়া হ'ব পাৰে
দুব্বাৰ, নিশব্দ আৰ নিসঙ্গতাৰ
পাই হেৰুওৱাৰ
দুৰ্ভেদ্য হুটাশ 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +