Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী

পথিকৃৎ

ভাবিছিলো পাই গ'লো মই
মৰুভুৰ এটি মৰুদ্যান।
তাতেই জীপাল হ'ব
ঠন ধৰি লহ পহ হ'ব
মোৰ পোখামেলা জীৱনৰ হাবিয়াস¯
তুমি আহিছিলা,
এটা এটাকৈ সিহঁতবোৰ আহিল
স্বপ®ালয় পূৰ্ণ হ'ল মোৰ
মৰুদ্যানৰ সিপাৰে মই কাকো এৰি অহা নাই।
স্বপ®ালয় এৰি যাবৰ বাবে মোৰ সাহস নাই।
তথাপি এদিন, তুমি থাকি যাবা।
সিহঁতবোৰ থাকি যাব।
মই যদি হ'ব পাৰো পথিকৃত
তৃতীয় পুৰুষৰ তালিকাত
মৰুদ্যানৰ ওচৰে পাজৰে .....
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +