Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী

আশা

জীৱন সংগ্ৰাম কৰো যোগত্মক দিশে
জীউটো বুকুত বান্ধি প্ৰতিদিন
জীয়াই থকাৰ মোহ আৰু মৰি যোৱাৰ ভয়
দুয়োটাতে থাকে হেনো ভাগ্যৰ নিৰ্ণয়।
জীউটো বুকুত বান্ধি প্ৰতিদিন
আগলৈ চাই চাই আগবাঢ়ো
আজিতকৈ ভাল দিন আহিব এদিন
হ'লে হওক তেতিয়ালৈ বহুদিন।
এতিয়াৰ বাধা আৰু বিপদ আওকাণ কৰি
আগত লক্ষ্য আৰু অলেখ সপোন
প্ৰতিখোজে আগবাঢ়ো দিনৰ পিছত দিন।
প্ৰতিক্ষাত ৰৈ আছো, হঠাৎ যদি আহে
মোৰ বাবে জেউতিৰে তৰা এটা উজ্জ্বল সুদিন। 
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +