Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী

মাতৃ

মাতৃ দুগ্দ্ধৰ দৰে আলসুৱা শব্দৰ প্ৰতীক
আলসুৱা বাস্পৰ কণিকাৰ দৰে উমাল, জীৱন-বিস্ত´ত।
ধুমুহাৰ লগত মিলি যোৱা আৱেগ,
ঝৰ্ণাৰ পানী যেন বৈ অহা কোমল ভাষাৰ শীতল পৰশ।
উৎকণ্ঠা, শংকাৰে ভৰা সতৰ্ক সকীয়নি
অহৰ্নিশে যাৰ কামনা মাথো সন্তানৰ মঙ্গল তৃপ্তি আৰু পুষ্টি।
মাতৃ নদী হ'ব পাৰে কৰুণাৰ,
হ'ব পাৰে জীৱনৰ প্ৰথম আধাৰ।
অন্য এক সত্ত্বাৰ লগত আৱদ্ধ হৈও
জীৱনজোৰা অভয় আনন্দ দিব পৰা কৰুণাৰ নদী,
সন্তানৰ সদবিদ্য, সৎ চিন্তাৰ ভৰাল হ'ব পাৰে।
মাতৃ সূৰ্য্যৰ দৰে হ'ব পাৰে, উত্তাপ দাতৃ।
সূৰ্য্যাস্তৰ পাছতে সূৰ্য্যৰে উত্তাপিত হৈ থাকে
পৃথিৱী যেনেদৰে¯
অনুভৱ আলসুৱা তেনেদৰে উত্তাপিত হ'ব পাৰে
সন্তানৰ সমগ্ৰ জীৱন;
উশাহৰ লগত মিলি থাকিব পাৰে মাতৃৰ প্ৰতিচ্ছবি
সন্তানৰ জীৱনৰ প্ৰতিটো ক্ষণ।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +