Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী

পৰিক্ৰমা

প্ৰৰোচনত পৰি এচাম উদণ্ড মানুহ
দানব হোৱা দেখিলো।
তেনে দানবে একোখন সুস্থ, স্বচ্ছ সমাজ
চুৰমাৰ কৰাৰ কথা শুনিলো।
সাজি-কাচি মুকুট পিন্ধা বহু দানব
ধ্বংসৰ দাবানলত জ্বলি জ্বলি
চাৰখাৰ হোৱা বুৰঞ্জী পঢ়িলো।
তাতোকৈও ভয়াবহ•
গোলকীয় বাণিজ্যৰ প্ৰৰোচনা
য'ত মানুহৰ অন্তিম স্থান হ'ব পাৰে দাসত্ব¯
তেনে দাসত্বৰ প্ৰভুত্ব, দোপে দোপে বঢ়া দেখিছো
পৰিক্ৰমাৰ মেৰপেচত, শৃংখলিত হৈ
সজ, অসজ সকলো মানুহেই
নিজক কোঙা কৰাৰ প্ৰযুক্তি আয়ত্ব কৰিছো।
আৰু বাণিজ্যিক আবৰ্জনা বুটলি
ঘৰতে শোত খাব ধৰিছো।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +