Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী

যাত্ৰা

জীৱন মানেই যাত্ৰা, জীৱ মানেই যাত্ৰী
গতিবেগ হীনদেৰি হ'ব পাৰে, যাত্ৰাৰ
লক্ষ্য ভিন ভিন হ'ব পাৰে যাত্ৰাৰ
সহযাত্ৰী লগত থাকিব পাৰে, নহ'লেও নাই
যাত্ৰাৰ শেষ, কেৱল নিজৰ লগতে।
 
যাত্ৰাৰ ক্ষণ আছে ,
যাত্ৰাৰ আড়ম্বৰ আছে।
যতনাই লোৱা আচবাব
দেহ পুষ্টিৰ বাবে সামগ্ৰী
অঙ্গ প্ৰত্যঙ্গৰ সঞ্চালন আৰু বাহন
ক্ষণিক বিশ্ৰাম, সবাক বৰ্ণন।
আৰু তাতোকৈ ও উৰ্দ্ধত
বাস্তৱ সত্ত্বাৰ এক নিটোল দৰ্শন।
এটাৰ পিছত এটাকৈ পথ বাছি লোৱাৰ হেঁপাহ
যেন পৰালি নপৰা জাউতি যুগীয়া
একমাত্ৰ, এই জীৱন।
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +