ৰুদ্ৰ-শৰ্মাৰ-তিনি-খণ্ডৰ-এটি-স্বনিৰ্বাচিত-কবিতা-সংকলন

প্ৰকাশকৰ-একাষাৰ

মহীধৰ ডেকা
সম্পাদক
হেঙেৰাবাৰী শতদল শাখা সাহিত্য সভা
ওপৰ হেঙেৰাবাৰী, গুৱাহাটী-৩৬
৩০ কাতি ১৪২৪ ভাস্কৰাব্দ
১৭ নৱেম্বৰ ২০১৭ খ্ৰীষ্টব্দ

সৃজনীমূলক, মৌলিক সাহিত্য আৰু অনুবাদ সাহিত্য প্ৰকাশৰ লক্ষ্য আগত ৰাখি যোৱা ১৪১৬ ভাস্কৰাব্দ, ২০০৯ খ্ৰীষ্টাব্দৰ পৰা ধাৰাবাহিকভাৱে হেঙেৰাবাৰী শতদল শাখা সাহিত্য সভাই গ্ৰন্থ প্ৰকাশ কৰি আহি আহি অসম সাহিত্য সভাৰ শতবৰ্ষ সামৰণি মহোৎসৱ ১৪২৪ ভাস্কৰাব্দ ২০১৭ খ্ৰীষ্টাব্দত ভৰি দিছেহি। ধাৰাবাহিকতাৰ বিৰামহীন যাত্ৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে চলিত বৰ্ষতো তিনিখন মৌলিক গ্ৰন্থ প্ৰকাশৰ কাম হাতত লোৱা হৈছে। তাৰ ভিতৰত হেঙেৰাবাৰী সাহিত্য সভাৰ সদস্য তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু পৰম সুহৃদ পৰিয়ালৰ মূৰব্বী সদস্য প্ৰচাৰ বিমুখ তথা নিৰৱ সাধক বিশিষ্ট কবি শ্ৰীৰুদ্ৰ শৰ্মাই সাহিতি্যক বন্বু+ সকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ জীৱনৰ অষ্টম দশকৰ শেহভাগত তেখেতৰ ৭৭টা স্বনিৰ্বাচিত কবিতা 3টা খণ্ডত বিভক্ত কৰি ‘‘শ্ৰীৰুদ্ৰ শৰ্মাৰ স্ব-নিৰ্বাচিত কবিতা'' শীৰ্ষক পুথিখন যুগুত কৰি উলিওৱাৰ হেঙেৰাবাৰী শতদল শাখা সাহিত্য সভাই প্ৰকাশৰ দায়িত্ব লয়।

কবি শৰ্মা এজন প্ৰগতিশীল, অনুভূতি প্ৰৱল আৰু আশাবাদী কবি হিচাপে ইতিমধ্যে পৰিচিতি লাভ কৰিব পাৰিছে। অনুভূতিশীল আৰু স্ব নিৰ্ভৰশীল প্ৰৱণতাৰ বাবে তেখেতৰ চিন্তাশীল মনে বিবেকৰ দ্বাৰা পৰিচালিত হৈ মৌলিক সৃষ্টিৰ অৰিহণা যোগাই সমাজক কিবা কিছু দিব খোজাৰ প্ৰয়াস আমি দেখা পাইছো। উদাহৰণস্বৰূপে - ‘‘মোৰ আৰ্জন'' কবিতাটিত অনুভূতি প্ৰৱণভাৱে উত্তৰ পুৰুষলৈ এটা সময়োপযোগী তথা চিন্তাশীল বাৰ্তা প্ৰেৰণ কৰাত কবিগৰাকী সফল হৈছে।

 

"কেনেকৈ ঘুৰাম মই
দুটা দশকৰ দিন
বাধ্য হৈ ওলাই আহিলো
ভাগ্য আৰু কষ্টেৰে
ঘটিলো নিজৰ বাবে
দিনৰ পিছত দিন বহুদিন
দশকৰ পিছত দশক মোৰ জমা হৈ ৰ'ল
মোৰ সাঁচতীয়া দিন।
মইও ধাৰলৈ দিব পৰা হ'লো
মোৰ সজ্ঞানে দি আছো মোৰ দিনবোৰ
তাতেই মোৰ প্ৰেম"

 

সঁচাকৈয়ে কবিজনা অনুভূতি প্ৰৱণ আৰু সংবেদশীল। কবিতাটিৰ মাজেৰে পূব্বপুৰুষৰ যি ধাৰ তেওঁ সুজিব নোৱাৰে সেই ধাৰ উত্তৰ পুৰুষৰ যোগেদি সুজিব বিচাৰিছে, কি যে সংবেদনশীল মন তেওঁৰ!

শ্ৰীৰুদ্ৰ শৰ্মাৰ গ্ৰন্থখনৰ আটাইবোৰ কবিতাই ৰসযুক্ত আৰু উদ্দেশ্যধৰ্মী, ভাষা প্ৰাঞ্জল সংবেদনশীল আৰু সকলোৱে বুজি পোৱা ধৰণৰ। শ্ৰীশৰ্মাৰ পৈণত কাপৰ পৰা নিগৰি থকা কবিতাৰ পংক্তিবোৰে অতি সোনকালে আৰু এখন গ্ৰন্থৰ ৰূপত পাঠক সমাজে উপহাৰ পাব বুলি আশা ৰাখিলো।