ৰুদ্ৰ-শৰ্মাৰ-তিনি-খণ্ডৰ-এটি-স্বনিৰ্বাচিত-কবিতা-সংকলন

উপক্ৰমণিকা

শ্ৰী ৰুদ্ৰ শৰ্মা

মেট্ৰিকুলেচনৰ দেওনা পাৰ হোৱাৰ পৰাই মোৰ চাকৰি জীৱন আৰম্ভ হৈছিল বিভিন্ন অনুষ্ঠানত। ১৯৬২ চনত যোৰহাটৰ আই টি আইত চৰকাৰী চাকৰি হৈছিল আৰু তেতিয়াই সান্নিধ্য লাভ কৰিছিলো পৰম শ্ৰদ্ধাৰ প্ৰয়াত আনন্দ চন্দ্ৰ বৰুৱাদেৱৰ। গিৰিন্দ্ৰ নাৰায়ণ খাতনিয়াৰ অধ্যক্ষ আৰু বৰুৱাদেৱ প্ৰধান সহায়ক। তেখেতৰ লগতে থাকি তেখেতৰ কবিতাৰাজী পঢ়ি বিশেষকৈ ‘কুমাৰ সম্ভৱ', ‘পাপৰিৰ পৰিমল' পঢ়ি মই বৰ আপ্লুত হৈছিলো আৰু কবিতা লিখাৰ প্ৰয়াস কৰিছিলো। পাছত ষ্টেট বেঙ্কৰ যোৰহাট শাখাত চাকৰিত সোমালো সেই বেঙ্কৰ প্ৰৱন্ধক (সাতোৰবিদ মিহিৰ সেনৰ খুড়াক) প্ৰয়াত সৌমেন্দ্ৰ সেন ডাঙৰীয়াই মোক কবিতাৰ কল্পনাৰাজ্যত নোসোমাবলৈ সকীয়নী দিছিল। তেওঁৰ মতে ধনৰ হিচাব ৰখা কামটো মোৰ কবিতাতকৈ বেছি দৰকাৰী। সঁচাই পাছত কেতিয়াবাহে কবিতাৰ বাবে সময় পাইছিলো। মহাৰাষ্ট্ৰ,মধ্যপ্ৰদেশ আদিত থাকোতে লগত লৈ ফুৰা কবিতাবোৰ কেনেবাকৈ হেৰাল।

এতিয়াৰ সংকলনটো কেইবাজনো বন্বু+ৰ খেচ-খেচনিৰ পৰিণাম। প্ৰথমজন শ্ৰীবিমল আগৰৱালা তেওঁৰ দ্বাৰা প্ৰকাশিত ‘প্ৰদীপ' আলোচনী খনিত ধাৰাবাহিকভাৱে লিখিবলৈ জোৰ কৰি মোক সাহিত্য প্ৰকাশৰ সোৱাদ দিছিল। দ্বিতীয়তে মোৰ এতিয়াৰ প্ৰতিবেশী বন্বু+বৰ শ্ৰীযুত মহীধৰ ডেকাই একেৰাহে জোৰ দি কৈ থকা, শ্ৰীমীনধৰ ওজাদেৱে কবিতাখিনি শুনিবলৈ আগ্ৰহ দেখুৱা, উত্তৰ দিশপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ মুখপত্ৰ ‘উদযান' আৰু  বাৰ্ত্তা পত্ৰৰ সম্পাদক সকল আৰম্ভণিৰ পৰা এই বন্বু+ৰ তালিকাত আছে মোৰ দুই পুত্ৰ আৰু পুত্ৰ বধুদ্বয়া শ্ৰীমান সঞ্জীৱ প্ৰদীপ, শ্ৰীমতী শৰ্মিলা শৰ্মা, শ্ৰীভাৰ্গৱ ৰাণাদ্বীপ, শ্ৰীমতী অনন্যা পাঠক আৰু জীয়ৰী সংগীতা প্ৰীতি, জেঁাৱাই শ্ৰীবিশ্বজিৎ চৌধাৰি, নাতি-নাতিনীসহ আত্মীয় কুটুম সকলোৱে মোৰ কবিতাবোৰ পঢ়িছিল আৰু মোক উদগনি দিছিল। আমাৰ গোটেই পৰিয়ালটোৱে অসম সাহিত্য সভাৰ আজীৱন সদস্য পদ গ্ৰহণ কৰি (পৰম সুহৃদ পৰিয়ালৰূপে স্বীকৃত) মোক উৎসাহ জন্মাইছিল। শ্ৰীমতীৰ কথা নকলোৱেইবা। তেওঁৰ আগতহে মোৰ কবিতাৰ ৰিহাৰ্চেল হৈছিল।

মোৰ প্ৰতিবেশী শ্ৰীমান প্ৰদীপ তালুকদাৰে অলেখ কষ্ট কৰি সিঁচৰিত মোৰ পাণ্ডুলিপিৰ পৰা প্ৰেছৰ বাবে কপি যুগুতাই দিছিল। তেওঁলৈ কৃতজ্ঞতা জনাইছো। লগতে ‘দৃষ্টি প্ৰি°টাৰ্চ'ৰ স্বত্তাধিকাৰী আৰু সমূহ কৰ্মকৰ্তালৈ শলাগ জনাইছো।
সদৌ শেষত হেঙেৰাবাৰী শতদল শাখা সাহিত্য সভাই কিতাপখন প্ৰকাশ কৰিবলৈ আগ্ৰহ দেখুৱালে  আৰু প্ৰকাশ কৰিলে তাৰবাবে সভাৰ ওচৰত কৃতজ্ঞ। উক্ত  সভাৰ  মাননীয় সদস্যা  ড০ দীপালী  ওজাই  মোৰ  কবিতাখিনি  চকু ফুৰাই দু-আষাৰ বক্তব্য ৰখাৰ বাবে তেওঁৰ শলাগ লৈছো।