ৰুদ্ৰ-শৰ্মাৰ-তিনি-খণ্ডৰ-এটি-স্বনিৰ্বাচিত-কবিতা-সংকলন

পাতনি

ড০ দীপালী ওজা
অৱসৰপ্ৰাপ্ত অধ্যক্ষা
বেলতলা কলেজ, গুৱাহাটী-২৮

 প্ৰতিশীল চিন্তাধাৰাৰ কবি শ্ৰীৰুদ্ৰ শৰ্মাৰ ‘স্বনিৰ্বাচিত কবিতা সংকলন খন ৩ টা খণ্ডত সংগঠিত ৭৬ টা কবিতাৰ সমষ্টি। কবিজনাৰ বাবে কবিতা জীৱন সৰ্বস্ব। সেয়ে বোৱতী নদীৰ দৰে কবিৰ লেখনিত প্ৰৱাহিত হৈ আছে। সংকলনখনৰ প্ৰথম খণ্ডটিৰ নামাকৰণ ‘‘বৃদ্ধি, অলপ আকাশ, এখন পৃথিৱী”। ‘বৃদ্ধি' কবিতাটিত কবিয়ে প্ৰকৃতি জগত আৰু জীৱজগতৰ স্বাভাৱিক ধৰ্মৰ কথা সেঁাৱৰাই দিছে। যাত্ৰা সংসাৰৰ চিৰন্তন ৰীতি। যেতিয়া যাত্ৰা স্তব্ধ হয়, জীৱনো হৈ পৰে অচল [‘যাত্ৰা' কবিতা]। ‘পৰিক্ৰমা'ত বিজ্ঞান-প্ৰযুক্তিৰ উৎকৰ্ষৰ বিপৰীতে মানৱ সভ্যতাৰ অধোন্নতিৰ ছবি প্ৰতিফলিত হৈছে। ‘মাতৃ‘ কবিতাটি সমস্ত গুণেৰে পৰিপূৰ্ণ এগৰাকী মাতৃৰ অনুপম প্ৰতিচ্ছবি-

ঝৰণাৰ পানীযেন বৈ অহা কোমল ভাষাৰ শীতল পৰশ।
 
 
--------------------------------------------
 
মাতৃ নদী হ'ব পাৰে কৰুণাৰ,
উশাহৰ লগত মিলি থাকিব পাৰে মাতৃৰ প্ৰতিচ্ছবি
সন্তানৰ জীৱনৰ প্ৰতিটো ক্ষণ। (মাতৃ)
বিপদৰ ঘনঘোৰ অন্ধকাৰে আৱৰি ধৰিলেও কবিয়ে আশাৰ প্ৰদীপ জ্বলাই উজ্বল দিনৰ প্ৰতীক্ষাত ৰৈ থাকিবলৈ কুণ্ঠাবোধ নকৰে - ‘আশা' কবিতাত এই ভাৱ প্ৰতিধ্বনিত হৈছে। কবিয়ে সুখ-দুখ, সতা-অসত্য, জীৱন-মৃত্যু, ধৰ্ম-বিজ্ঞানৰ সংজ্ঞা বিচাৰিব খোজা নাই। কৰ্মই মানুহৰ প্ৰকৃত পৰিচয়, কৰ্মই মানুহৰ মাজত শক্তি প্ৰেৰণা জগাই তোলে - এই কথা ‘ভালকাম' কবিতাত ব্যক্ত কৰিছে। ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰা বৰ্ত্তমানলৈকে পৃথিৱীত সভ্য সমাজৰ কোনো অগ্ৰগতি নেদেখি কৃত্ৰিম সভ্যতাৰ মাজত কবি অস্থিৰ হৈ পৰিছে –
 
 
 
পৃথিৱীয়ে দেখক পুনৰ
মানুহৰ কৃত্ৰিমালি আৰু
ৰোষাগ্নিৰ জুই।
--------------------------------------------
 
ইতিহাসক ভুৱা দিয়া
মানুহৰ দলবোৰ
আগবাঢ়িছে মাথো পাছলৈ (এখন পৃথিৱীঃ অলপ আকাশ)
কবি শৰ্মাৰ কবিতাৰ দাপোণত বিশ্ব ইতিহাসৰ আভাস প্ৰতিফলিত হৈছে। এয়া কবিৰ অধ্যয়নপুষ্ট মনৰেই পৰিচয়।
কবিতা সংকলনখনৰ 2য় খণ্ডটি ‘‘শাশ্বত সৃষ্টি ঃ মোৰ অস্তিত্ব'' নামেৰে নামকৰণ কৰিছে। কবি প্ৰৱল আত্মবিশ্বাসী। এই খণ্ডটিৰ প্ৰথমটো কবিতাৰ কবিয়ে নিজৰ অস্তিত্বক স্বীকাৰ কৰি সযতনে ৰাখিছে -
অলীক আঠাৰে গঢ়ি লোৱা লেটা তৈয়াৰ কৰি
মই নিজেই ঘৰ বান্ধো তাত। [মোৰ অস্তিত্ব]
কিন্তু তেওঁৰ মনঃ চক্ষুৰ দৃষ্টি সকলোৰে মাজত বিয়পাই দিছে -
মই কিন্তু আছোঁ , কোনোবাই বিচাৰিলেই
পাব মোৰ ঘৰ (মোৰ অস্তিত্ব)
কবি সময় সম্পৰ্কে সচেতন। তেওঁ কৈছে -
সসাগৰা পৃথিৱীত সমস্ত সময়
মই বান্ধি লওঁ মোৰ সতে
মই চাকি লওঁ প্ৰতিটো মুহুৰ্ত্ত। (মোৰ সময়)
কবিৰ অনুভূতিশীল মনে কেতিয়াবা পাই হেৰুওৱাৰ বেদনাত হাহাকাৰ কৰি উঠিলেও পিছ মুহুৰ্ত্তত আকৌ সাতোৰঙী ৰামধেনুৰ দৰে আনন্দেৰে মন ভৰাই তোলে (মৰম কবিতা)। প্ৰকৃতিৰ ধ্বংসকামী আৰু শান্ত, উদাৰ ৰূপ তেওঁৰ কবিতাত মূৰ্ত্ত হৈ উঠা দেখা যায় (জীৱন চক্ৰ)। শৰ্মাদেৱৰ কবিতাৰ এটা লক্ষণীয় দিশ হ'ল মানুহৰ প্ৰতি প্ৰেৰণ কৰা বাৰ্ত্তা -
য'ত তেজ আৰু মঙহৰ লিপ্সা থাকে
তাতেই অথন্তৰ হোৱাৰ স্থল থাকে।
হে মোৰ সতীৰ্থসকল
 
--------------------------------------------
 
 
তৃপ্তিৰ বাবে হোৱা নৃশংসতা বৰ্জন কৰা [তৃপ্তি আৰু নৃশংসতা] সেইদৰে ‘মই মজদুৰ, মই শ্ৰমিক' কবিতাটিত আহবান কৰিছে -
সমস্ত মানৱজাতিৰ প্ৰতিটো গোট
প্ৰান্তে প্ৰান্তে এক হৈ আহা আগবাঢ়ি
মোৰ সতে, মোৰ দৰে
শ্ৰম দিন তৈয়াৰ কৰোঁ প্ৰতিদিনে।
কৰি আশাবাদী। তেওঁ সকলো বন্ধনৰ পৰা মুক্ত এখন সুন্দৰ প্ৰগতিশীল সমাজৰ সপোন দেখিছে -
সৃষ্টিৰ গুণ গাব পৰা
সেউজীয়া মানুহ, গছৰ পাতৰ দৰে সেউজীয়া
কণ্ঠস্বৰ নিৰ্ভীক, স্বচ্ছ
 
--------------------------------------------
 
 
তেনে এখন মানৱ সমাজ (বিপ্লৱ)
কবি শ্ৰীশৰ্মাৰ কবিতা সংকলনটিৰ ৩ য় খণ্ডটো হ'ল ‘সংবেদ্য কবিতাঃ স্মৃতি, প্ৰশস্তি ইত্যাদি'। কেইবাটাও দীঘলীয়া কবিতাত কবিৰ বৰ্ণনা শক্তিৰ উমান পোৱা যায়। এই খণ্ডৰ ৰম কবিতা ‘পৰিচয়'ত কবিয়ে পৰিচয়ৰ বিভিন্ন সংজ্ঞাৰে পাঠকক পৰিচয় কৰাই দিছে। কবিতা-গছৰ ডালে ডালে ফুলি থকা শব্দৰ সৈতে কবিয়ে খেলা খেলিছে। তেওঁৰ কবিতাত প্ৰয়োগ কৰা চিত্ৰকল্পও মনকৰিবলগীয়া -
জাকে জাকে অপেশ্বৰী যেন
ৰঙ্গা জিঞা ৰাজকন্যা নে লাচতি ৰূপকন্যা
 
--------------------------------------------
 
 
জোনাকৰ বগাবোৰ চুহি চুহি আনি, শেৱালি গছত সিঁচি দিব আহি
মন শৰীৰৰ তেজ (শৰতৰ আবেলি)
বন্যপ্ৰাণীৰ অস্তিত্বৰ সংকটৰ বাবে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগৰ মানুহেই দায়ী, এই কথা ‘সাপ' কবিতাৰ মাজত প্ৰতিধ্বনিত হৈছে –
 
সিহঁত যাবইবা ক'ত•
আমাৰ বাবেই সিহঁতৰ আশ্ৰয় হেৰাল
 প্ৰাসাদ, অট্টালিকা, ৰাজঘাইপথ
সকলোতে পিয়াপি মানুহ (সাপ)
 
সভ্যতা, সংস্ক্তি, সাহিত্য, দৰ্শন, বিজ্ঞান, ৰাজনীতি বিভিন্ন বিষয়েৰে কবিয়ে কবিতাৰ কৰনি পূৰ্ণ কৰিছে।
এইটো খণ্ডৰ কেইটামান কবিতাত কবিয়ে নমস্য ব্যক্তি সকলৰ কৰ্মৰ পৰিচয় দাঙি ধৰি লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰকৃত মূল্যায়ণ কৰাৰ কথাও সেঁাৱৰাই দিছে। বৰ্ত্তমান যুগৰ কৃত্ৰিমতাত অতিষ্ঠ কবিয়ে তেওঁৰ কবিতাত মাজে মাজে তীয্যক মন্তব্যও কৰিবলৈ পাহৰা নাই। অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট্যখিনি হেৰাই যোৱাৰ বেদনাত কবি মৰ্মাহত হৈ পৰিছে। ‘কি হেৰুৱালো, কি হেৰাল' কবিতাটোত অসমীয়া জাতিক সজাগ কৰি তোলাৰ এটা ইংগিত পোৱা যায়। কবিৰ পৰিভ্ৰমী মনে প্ৰকৃতি জগত, সৌৰজগত, মানৱজগত,ইলেকCনিক জগত সকলোতে পৰিভ্ৰমণ কৰি তাৰপৰা মৌ আহৰণ কৰি তেওঁৰ কবিতাৰ মৌ-বাহ ‘স্বনিৰ্বাচিত কবিতা সংকলন' সাজি উলিয়াইছে। অসমীয়া ভাষা-সাহিত্য আৰু পৰিবেশৰ সংকটৰ সময়ত শ্ৰীৰুদ্ৰ শৰ্মাৰ কবিতা সংকলনখনি অসমীয়া সাহিত্য তথা অসমীয়া সমাজলৈ এক উল্লেখযোগ্য বৰঙণি।